New to Insulin Assame- মোক ইনছুলিনৰ প্ৰয়োজন কিয়?

এইটো তেজত গ্লুক’জৰ স্তৰ নিয়ন্ত্ৰণ কৰিবলৈ অগ্ন্যাশয়ে উৎপন্ন কৰা এক হ’ৰমোন। ইনছুলিনৰ অবিহনে আমাৰ শৰীৰৰ কোষসমূহে গ্লুক’জক শক্তিৰ এক উৎস হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে। আপোনাৰ মধুমেহ থাকিলে আপোনাৰ শৰীৰে ইনছুলিন উৎপন্ন নকৰে, বা শৰীৰে উৎপন্ন কৰা ইনছুলিনে ভালদৰে কাম নকৰে। সেয়ে আপোনাক বাহ্যিক ইনছুলিনৰ প্ৰয়োজন হয়। আপুনি আপোনাক প্ৰয়োজন হোৱা ইনছুলিন এটা ইনছুলিন পে’ন, এটা ছিৰিঞ্জ বা ইনছুলিন পাম্পৰ দ্বাৰা বেজীৰে ভৰাই দি লাভ কৰিব পাৰে। আপুনি লোৱা ইনছুলিনে: আপোনাক আপোনাৰ শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব আপোনাক শক্তি প্ৰদান কৰিব আপোনাক সুস্থ হৈ থকাত সহায় কৰিব

New to Insulin Assame- শৰীৰত ইনছুলিনৰ স্ৰাৱ

লঘোণে থকাৰ সময়ত স্ৰাৱিত হোৱা ইনছুলিনক বাছাল ইনছুলিন বোলা হয়। আহাৰ খোৱাৰ পিছত তেজত গ্লুক’জৰ স্তৰ বঢ়াৰ প্ৰতিক্ৰিয়া হিচাপে ইনছুলিনৰ স্ৰাৱ বৃদ্ধি পায়। মধুমেহত এই প্ৰক্ৰিয়া প্ৰভাৱিত হয় যাৰ ফলত বাহ্যিকভাৱে ইনছুলিন ল’ব লগা হয়।