মধুমেহ মানে আপোনাৰ তেজত অত্যাধিক শৰ্কৰা থকা। উচ্চ ৰক্ত শৰ্কৰাৰ সমস্যা তেতিয়া আৰম্ভ হয় যেতিয়া আপোনাৰ শৰীৰে ইনছুলিন নামৰ ৰাসায়নিক পদাৰ্থ বা হ’ৰমোনটো পৰ্যাপ্তৰূপে উৎপন্ন নকৰা হয়।

আপোনাৰ শৰীৰে আপুনি খোৱা বেছিভাগ খাদ্যকে গ্লুক’জ বুলি কোৱা এক শৰ্কৰালৈ ৰূপান্তৰিত কৰে।

এই শৰ্কৰা আপোনাৰ তেজৰ জৰিয়তে আপোনাৰ শৰীৰৰ প্ৰতিটো কোষলৈ গতি কৰে। আপোনাক শক্তি প্ৰদান কৰিবলৈ আপোনাৰ শৰীৰৰ কোষবোৰক এই শৰ্কৰাৰ প্ৰয়োজন হয়।

ইনছুলিনে শৰ্কৰাক আপোনাৰ তেজৰ পৰা আপোনাৰ কোষসমূহলৈ গতি কৰাত সহায় কৰে। ইনছুলিনৰ অবিহনে আপোনাৰ কোষসমূহে আপোনাক শক্তিৱন্ত কৰি ৰাখিবলৈ সেইবোৰক প্ৰয়োজন হোৱা শৰ্কৰা পাব নোৱাৰে।

আপোনাৰ তেজৰ পৰা আপোনাৰ কোষসমূহলৈ শৰ্কৰা প্ৰেৰণ কৰি, ইনছুলিনে আপোনাৰ তেজত ৰক্ত শৰ্কৰাৰ স্তৰ স্বাভাৱিক (খুব বেছিও নহয়; খুব কমো নহয়) কৰি ৰখাত সহায় কৰে। 

যেতিয়া উচ্চ ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰিবলৈ আপোনাৰ ওচৰত পৰ্যাপ্ত ইনছুলিন নাথাকে, তাৰ অৰ্থ হ’ল আপুনি মধুমেহত ভূগিছে।

উচ্চ ৰক্ত শৰ্কৰাৰ স্তৰে জটিল স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰিব পাৰে

মধুমেহৰ চিকিৎসা কৰিব পাৰি আৰু নিশ্চয়কৈ কৰা উচিত।

 

আপোনাৰ শৰীৰে ইনছুলিন মুঠেই উৎপন্ন নকৰিলে

আপোনাৰ শৰীৰে ইনছুলিন পৰ্যান্তৰূপে উৎপন্ন নকৰিলে, বা শৰীৰে উৎপন্ন কৰা ইনছুলিনে ভালদৰে কাম নকৰিলে

ৰক্ত শৰ্কৰাৰ স্তৰ উচ্চ হৈ থাকিলে বা তেজৰ পৰা কোষসমূহলৈ শৰ্কৰা প্ৰেৰণ কৰিবলৈ আপোনাৰ ওচৰত পৰ্যান্তৰূপে ইনছুলিন নাথাকিলে।

 

টাইপ 2 মধুমেহত শৰীৰে অলপ ইনছুলিন উৎপন্ন কৰিব পাৰে কিন্তু পৰ্যাপ্ত পৰিমাণে উৎপন্ন কৰিব নোৱাৰে।

বা শৰীৰে উৎপন্ন কৰা ইনছুলিনে ভালদৰে কাম নকৰে 

টাইপ 2 মধুমেহ সাধাৰণতে প্ৰাপ্তবয়স্কৰ হয়, কিন্তু শিশুৰ ক্ষেত্ৰতো হ’ব পাৰে।

ই অত্যাধিক ওজনৰ মানুহৰ ক্ষেত্ৰত বা মধুমেহত ভোগা পৰিয়ালৰ লোকৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়।