Type 1 Assame- মধুমেহ কি?

মধুমেহ মানে আপোনাৰ তেজত অত্যাধিক শৰ্কৰা থকা। উচ্চ ৰক্ত শৰ্কৰাৰ সমস্যা তেতিয়া আৰম্ভ হয় যেতিয়া আপোনাৰ শৰীৰে ইনছুলিন নামৰ ৰাসায়নিক পদাৰ্থ বা হ’ৰমোনটো পৰ্যাপ্তৰূপে উৎপন্ন নকৰা হয়। আপোনাৰ শৰীৰে আপুনি খোৱা বেছিভাগ খাদ্যকে গ্লুক’জ বুলি কোৱা এক শৰ্কৰালৈ ৰূপান্তৰিত কৰে। এই শৰ্কৰা আপোনাৰ তেজৰ জৰিয়তে আপোনাৰ শৰীৰৰ প্ৰতিটো কোষলৈ গতি কৰে। আপোনাক শক্তি প্ৰদান কৰিবলৈ আপোনাৰ শৰীৰৰ কোষবোৰক এই শৰ্কৰাৰ প্ৰয়োজন হয়। ইনছুলিনে শৰ্কৰাক আপোনাৰ তেজৰ পৰা আপোনাৰ কোষসমূহলৈ গতি কৰাত সহায় কৰে। ইনছুলিনৰ অবিহনে আপোনাৰ কোষসমূহে আপোনাক শক্তিৱন্ত কৰি ৰাখিবলৈ সেইবোৰক প্ৰয়োজন হোৱা শৰ্কৰা পাব নোৱাৰে। আপোনাৰ তেজৰ পৰা আপোনাৰ কোষসমূহলৈ শৰ্কৰা প্ৰেৰণ কৰি, ইনছুলিনে আপোনাৰ তেজত ৰক্ত শৰ্কৰাৰ স্তৰ স্বাভাৱিক (খুব বেছিও নহয়; খুব কমো নহয়) কৰি ৰখাত সহায় কৰে।। যেতিয়া উচ্চ ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰিবলৈ আপোনাৰ ওচৰত পৰ্যাপ্ত ইনছুলিন নাথাকে, তাৰ অৰ্থ হ’ল আপুনি মধুমেহত ভূগিছে। উচ্চ ৰক্ত শৰ্কৰাৰ স্তৰে জটিল স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰিব পাৰে মধুমেহৰ চিকিৎসা কৰিব পাৰি আৰু নিশ্চয়কৈ কৰা উচিত।

Type 1 Assame- আপোনাৰ মধুমেহ কেতিয়া হয়?

আপোনাৰ শৰীৰে ইনছুলিন মুঠেই উৎপন্ন নকৰিলে আপোনাৰ শৰীৰে ইনছুলিন পৰ্যান্তৰূপে উৎপন্ন নকৰিলে, বা শৰীৰে উৎপন্ন কৰা ইনছুলিনে ভালদৰে কাম নকৰিলে। ৰক্ত শৰ্কৰাৰ স্তৰ উচ্চ হৈ থাকিলে বা তেজৰ পৰা কোষসমূহলৈ শৰ্কৰা প্ৰেৰণ কৰিবলৈ আপোনাৰ ওচৰত পৰ্যান্তৰূপে ইনছুলিন নাথাকিলে।

Type 1 Assame- টাইপ 1 মধুমেহ

টাইপ 1 মধুমেহত শৰীৰে ইনছুলিন উৎপন্ন কৰিব নোৱাৰে। টাইপ 1 মধুমেহ বয়সস্থ লোকৰ তুলনাত শিশু বা ডেকা সকলৰ ক্ষেত্ৰত বেছিকৈ হয়। টাইপ 1 মধুমেহত ভোগা লোকসকলে তেওঁলোকৰ ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰিবলৈ ইনছুলিনৰ বেজী ল’ব লগা হয়।

Type 1 Assame- টাইপ 1 মধুমেহৰ লক্ষণসমূহ

  • অত্যাধিক পিয়াহ লগা
  • সঘনাই পেচাব হোৱা
  • ফল-সদৃশ এক গোন্ধ
  • ক্লান্তি দুৰ্বলতা
  • পেচাবত শৰ্কৰা
  • বেছিকৈ ওজন কমা

Type 1 Assame- মধুমেহৰ জটিলতাসমূহ

শক্তিৰ বাবে ব্যৱহৃত গ্লুক’জ (আপুনি খোৱা খাদ্যৰ পৰা প্ৰস্তুত) ৰক্তস্ৰোতৰ পৰা শৰীৰৰ কোষসমূহলৈ কঢ়িয়াই নিবলৈ প্ৰয়োজনীয় হ’ৰমোনটো হ’ল ইনছুলিন। যেতিয়া ইনছুলিন পৰ্যাপ্তৰূপে নাথাকে, তেজত গ্লুক’জৰ মাত্ৰা বৃদ্ধি পায় আৰু মানুহৰ জটিল স্বাস্থ্য সমস্যা হোৱাৰ শংকা বৃদ্ধি পায়। এনে সমস্যাত অন্তৰ্ভুক্ত - হাৰ্ট এটেক

  • আৰু ষ্ট্ৰ’ক
  • বৃক্কৰ সমস্যা
  • ভৰিৰ অসাৰতা আৰু নিৰাময় নোহোৱা ফোঁহা
  • দৃষ্টিৰ সমস্যা
আপুনি তেজৰ গ্লুক’জৰ স্তৰ যিমান সম্ভৱ সিমান স্থাভাৱিক কৰি মধুমেহৰ দীৰ্ঘস্থায়ী জটিলতাবোৰ প্ৰতিৰোধ বা বিলম্বিত কৰাত সহায় কৰিব পাৰে।